মুখ্য-পৃষ্ঠা

প্ৰেয়সীৰ দাবী পূৰাবলৈ বিলাসী হোটেলত চোৰৰ ৰূপত গুগলৰ অভিযন্তা

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ বহুল ব্যৱহৃত চাৰ্চ ইঞ্জিন গুগলত কৰ্মৰত এগৰাকী ২৪ বৰ্ষীয় অভিযন্তাই সংঘটিত কৰা এক চুৰি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেয়সীৰ দাবী পূৰণ কৰিবলৈ গৈ বিলাসী হোটেলত চুৰি কাৰ্য সংঘটিত কৰা হাৰিয়ানাৰ গৰ্বিত চাহানী নামৰ গুগলত কৰ্মৰত অভিযন্তাগৰাকীক অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১১ চেপ্তেম্বৰত দিল্লীস্থ তাজ পেলেচত এটা মাল্টিনেশ্যনেল কোম্পানীৰ এক বিশেষ অনুষ্ঠান চলি থকাৰ মাজতে দৈব্যানী জৈন নামৰ এগৰাকী মহিলাই তেওঁৰ হেণ্ডবেগৰ পৰা ১০ হাজাৰ টকা চুৰি হোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷

ইয়াৰ পিছতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাই হোটেলৰ চিচি টিভি ফুটেজ পৰ্যবেক্ষণ কৰোঁতে গুগুলৰ অভিযন্তা গৰ্বিত চাহানীয়ে সেই টকা চুৰি কৰিছিল বুলি নিশ্চিত হয়৷

ইফালে আৰক্ষীয়ে গৰ্বিত চাহানীকা আটক কৰি জেৰা চলোৱাত তেওঁ প্ৰেয়সীৰ দাবী পূৰণ কৰিবলৈ গৈ অৰ্থৰ অভাৱত চুৰি কাণ্ড সংঘটিত কৰিবলগীয়া হৈছিল বুলি স্বীকাৰ কৰে৷