মুখ্য-পৃষ্ঠা

খৰধৰ কৰক দাম কমিছে সোণৰ ..

asomiyapratidin

ডিজিটেল ডেস্কঃ হুৰাহুৰে হ্ৰাস পাইছে সোণৰ মূল্য।দেৱালীৰ  পূৰ্বে ক্ৰমান্বয়ে হ্ৰাস পাইছে সোণৰ মূল্য, কিন্ত পূৰ্বৰ সৈতে তুলনা কৰিলে আমি দেখিম যে পূৰ্বে  দীপাৱলী-ধনতেৰাছৰ  দৰে উৎসৱৰ আগতে বজাৰত সোণ আৰু ৰূপৰ চাহিদা বৃদ্ধি হয় আৰু চাহিদা বৃদ্ধি হোৱাৰ লগে লগে মূল্যও বৃদ্ধি হোৱা দেখা যায়।অৱশ্যে, যোৱা কেইটামান দিনত ডলাৰৰ বিপৰীতে টকাৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ পাছতো দেখা গৈছে সোণৰ মূল্য কমি আহিছে । বুধবাৰে পুৱা ৯.২২ বজাত মাল্টি কমোডিটি এক্সচেঞ্জত সোণত ০.২৪% অৰ্থাৎ  ১১৩  টকা হ্ৰাস পোৱা দেখা গৈছে। বৰ্তমান বজাৰত প্ৰতি কিঃগ্ৰা সোণৰ মূল্য হৈছেগৈ ৪৭৫০৯ টকা । কিছু দিনৰ পূৰ্বে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৭,৬২২ টকা। যদি ৰূপৰ কথা ক'বলৈ যাও তেনেহলে , ৰূপৰ পৰিমাণত  ০.০১%  অৰ্থাৎ প্ৰতি কিলোগ্ৰামত  হ্ৰাস হৈছে 8 টকা। বৰ্তমান বজাৰত  প্ৰতি কিঃগ্ৰা ৰূপত ৬৩,২১৫ টকা।উল্লেখ্য যে কিছু দিনৰ পূৰ্বে প্ৰতি কিলোগ্ৰামত ৰূপৰ মূল্য আছিল ৬৩,২২৩ টকা।