মুখ্য-পৃষ্ঠা

সৌভাগ্য! ডাষ্টবিনত কেবা কোটি টকাৰ সোণ

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাই বিমান বন্দৰত শনিবাৰে চোৰাংচোৱা বাহিনীয়ে ৮খনকৈ সোণৰ বিস্কুট জব্দ কৰে। প্ৰতিখন সোণৰ বিস্কুটৰ ওজন হৈছে প্ৰায় ১০ তোলা। ইয়াৰে এখন বিস্কুটৰ মূল্য ২৬,০৬,০৩২ টকা বুলি জানিবলৈ দিছে মুম্বাই আৰক্ষীয়ে।

ডুবাইৰ পৰা মুম্বাইত অৱতৰণ কৰা জেট এয়াৰৱেজৰ এখন বিমানৰ পৰা উদ্ধাৰ কৰা হয় এই সোণখিনি। বিমানখনৰ টয়লেটৰ ওচৰত থকা এটা ডাষ্টবিনত লুকাই অানিছিল সোণখিনি।

কোনে ডুবাইৰ পৰা এনেদৰে ডাষ্টবিনত লুকাই সোণ সৰবৰাহ কৰিছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইয়াৰ সৈতে জড়িতৰ সন্ধানত ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।