মুখ্য-পৃষ্ঠা

সমাজকৰ্মী পৰীক্ষিত দত্তৰ উদ্যোগত গোলাঘাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত স্বয়ংক্ৰিয় চেনিটাইজ যন্ত্ৰ স্থাপন..

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাট: কোৰোনাৰ বিৰুদ্ধে যুঁজৰ অংশস্বৰূপে বৃহস্পতিবাৰে গোলাঘাটৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা হয় এটা স্বয়ংক্ৰিয় চেনিটাইজ যন্ত্ৰ। চিগনেছাৰ ইণ্টেৰিঅ'ৰ নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি তথা সমজসেৱক পৰীক্ষিত দত্তৰ উদ্যোগত স্থাপন কৰা এই যন্ত্ৰটোৰ দ্বাৰা দৈনিক পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ বিভিন্ন কামত অহা হাজাৰ হাজাৰ লোক উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে। সমাজকৰ্মী পৰীক্ষিত দত্তৰ লগতে সদৌ অসম মটৰ পৰিবহন সন্থাৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱাই শুভাৰম্ভ কৰা এই যন্ত্ৰটো সম্পূৰ্ণ থলুৱাভাৱে প্ৰস্তুত কৰা হৈছে।

লকডাউন ঘোষণা কৰাৰ দিনাৰ পৰা বিভিন্ন অসুবিধাত পৰা লোকসকলক দৈনিক সাহায্য আগবঢ়াই অহা পৰীক্ষিত দত্তই যন্ত্ৰটো শুভাৰম্ভ কৰি প্ৰতিগৰাকী লোককে আত্মনির্ভৰশীল হবলৈ আহ্বাব জনায়। তেওঁ কয়, এই সময়ৰ পৰাই স্ব- নিৰ্ভৰশীল হব পাৰিলে আমাৰ লগতে পিছৰ প্ৰজন্মৰ ভৱিষ্যত আমি নিজ ইচ্ছাৰে গঢ়ি তুলিব পাৰিম। সচৰাচৰ এনে যন্ত্ৰসমূহ আমি চীন তথা বিদেশৰ পৰা ক্ৰয় কৰোঁ। কিন্তু এতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰতে সুৰ মিলাই আমাৰ নতুন প্ৰজন্মই নিজাকৈ বৈজ্ঞানিক চিন্তা ধাৰাৰে এনে যন্ত্ৰ প্ৰস্তত কৰি তুলিছে। এনে কামৰ দ্বাৰা দেশত নতুনকৈ গঢ়ি উঠা আত্মনির্ভৰ ভাৰতৰ ধাৰণাটোৰ সৈতে যুৱক-যুৱতী সকল সংপৃক্ত হৈছে।

গোলাঘাট জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে চিগনেছাৰ ইণ্টেৰিঅ', সমাজকৰ্মী পৰীক্ষিত দত্ত, পূৰ্ণ ৰাজখোৱাৰ লগতে এই কাৰ্যত আগভাগ লোৱা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, স্বয়ংক্ৰিয় চেনিটাইজ যন্ত্ৰ স্থাপন কৰা এই অনুষ্ঠানত তেওঁলোকৰ লগতে গোলাঘাট প্ৰেছ ক্লাৱৰ সভাপতি দেৱজিত ফুকন, যানবাহন পৰিদৰ্শক পৰাগ শইকীয়া, গোলাঘাট জিলা ক্ৰিয়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ আৰু ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।