মুখ্য-পৃষ্ঠা

গোলাঘাট জিলাৰ কোৰানাত আক্ৰান্ত আটাইকেইগৰাকীৰে গাওঁসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ প্ৰশাসনৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো চৰম আতংকই বিৰাজ কৰিছে। ৰাজ্যবাসীয়ে কোৰোনা ভাইৰাছৰ সংক্ৰমমৰ ক্ষেত্ৰত আশ্বস্ত প্ৰকাশ কৰিছিল যদিও সেই আশাত চেচাঁপানী ঢালি ৰাজ্যখনত মাত্ৰ দুটা দিনৰ ভিতৰতে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৬ লৈ বৃদ্ধি পালে। ইয়াৰে ৮ জনেই গোলাঘাট জিলাৰ হোৱাৰ বাবে গোলাঘাটবাসী অধিক চিন্তিত হৈ পৰিছে। উল্লেখ্য যে, দিল্লীৰ নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লোৱা একাংশৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও এতিয়াও একাংশই নিজকে আত্মগোপন কৰি ৰাখিছে।

ইতিমধ্যে গোলাঘাট প্ৰশাসনে গোলাঘাট জিলাৰ আক্ৰান্ত আটাইকেইগৰাকীৰে গাওঁসমূহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৪৫ জনক লোকক কুৱাৰেন্টাইন কৰি ৰখা হৈছে। জিলা প্ৰশাসনে ইতিমধ্যে দেৰগাঁৱৰ দীঘলীপাম, মৰঙী অঞ্চলৰ ঢুলীয়া গাও আৰু মেৰাপানীৰ ইছলামপুৰ,ৰামপুৰ আৰু ভেলৌগুৰি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি ৰাখিছে। ইফালে ইমানৰ পাছতো দিল্লীৰ নিজামুদ্দিনৰ পৰা ঘূৰি অহা বহুলোক জিলাখনৰে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।

ইফালে এই বিষয়ক লৈ প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষোভ উজাৰিছে একাংশ লোকে। তেওঁলোকৰ মতে নিজামুদ্দিনলৈ যোৱা লোকসকলৰ সঠিক তথ্য আজিও সংগ্ৰহ কৰিব পৰা নাই প্ৰশাসন তথা চৰকাৰে। যদি বহিঃৰাজ্যৰ পৰা অহাসকলৰ দৰে এইসকলৰো কুৱাৰেন্টাইনৰ ব্যৱস্থা থাকিলহেতেন নিশ্চয় চৰকাৰৰ ওচৰত সঠিক তথ্য থাকিলহেতেন। আৰু এনে ব্যৱস্থা কৰা হ'লেই আজি লোকসকলে আত্মগোপন কৰি থকাৰ সুযোগ নাপালেহেতেন বুলি ক্ষোভ ব্যক্ত কৰে লোকসকলে।