মুখ্য-পৃষ্ঠা

১৮ জানুৱাৰীত আকৌ বন্ধ…

asomiyapratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ অহা ১৮ জানুৱাৰীত গোলাঘাট বন্ধ আহ্বান সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মোহন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপ সভাপতি অসীম শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰক বিনাচৰ্তে মুক্তিৰ দাবীত অহা ইংৰাজী ১৮ জানুৱাৰী শুক্ৰবাৰে ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধৰ দিনা ঘোষণা। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই বন্ধ ঘোষণা কৰিছে বুলি বিবৃতিযোগে জানিবলৈ দিছে সংগঠন কেইটাই ৷

উল্লেখ্য যে, যোৱা ৮ জানুৱাৰীত নাগৰিকত্ব সংশোধনীৰ বিধেয়ক বিৰুদ্ধে অসম বন্ধত প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল সংগঠনৰ নেতা কেইজনক। জানিব পৰা মতে, কাৰাগাৰৰ ভিতৰতে নেতাসকল নাগৰিকত্ব সংশোধনীৰ বিধেয়কৰ বিৰুদ্ধে অনশন কৰাৰ বাবে অসুস্থতাত ভুগি বৰ্তমানে চিকিৎসাধীন হৈ আছে বুলি এক বিশেষ সুত্রই জানিবলৈ দিছে।