মুখ্য-পৃষ্ঠা

গহপুৰত কাৰপুনপুলি বাংকে দৃৰবৃ কৌবাঙৰ ৰূপালী জয়ন্তী উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বুধবাৰৰপৰা গহপুৰৰ ৰজাবাৰীৰ ২নং চকলাৰ তিলেশ্বৰ পেগু লত্তাত কাৰপুনপুলি বাংকে দৃৰবৃ কৌবাঙৰ ৰূপালী জয়ন্তী আৰম্ভ হৈছে। আজি দ্বিতীয় দিনাৰ অন্যতম প্ৰধান কাৰ্য্যসূচী "মিচিং লোক সংস্কৃতিৰ পৰম্পৰা আৰু পৰিৱৰ্তন "শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

গহপুৰৰ বিশিষ্ট সাহিত্যিক-গল্পকাৰ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঞিৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ আলোচক্ৰখনিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, সাহিত্যিক ড০ মাধৱ বৰা, বিশিষ্ট কবি ৰূপ কোঁৱৰ মিলি, মিচিং দৃৰবৃ কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুৰজ কুমাৰ পাতিৰি, লোহিতমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নামেশ্বৰ পেগু, মিচিং দৃৰবৃ কৌবাঙৰ প্ৰাক্তন সভাপতি একলব্য গামে আলোচক হিচাপে অংশগ্ৰহণ কৰে।