মুখ্য-পৃষ্ঠা

সমগ্ৰ দেশতে ডাউন হৈ পৰিছে জিমেইল সেৱা…

asomiyapratidin

ডিজিটেল ডেস্কঃসমগ্ৰ দেশত কিছু সময়ৰ বাবে গুগ'লৰ ইমেইল সেৱা জিমেইল কিছু সময়ৰ বাবে ডাউন হৈ পৰিছে। ডাউন ডিটেক্টৰৰ মতে দেশত জিমেইল ব্যৱহাৰকাৰীসকলে জিমেইলত কাম কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে। অৱশ্যে গুগ'লৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

ডাউন ডিটেক্টৰে জনাইছে যে ৬৮ শতাংশ জিমেইল ব্যৱহাৰকাৰীয়ে ৱেব সংস্কৰণৰ সৈতে সমস্যাৰ প্ৰকাশ কৰিছে। আনহাতে ১৮ শতাংশ লোকে চাৰ্ভাৰ ডাউনৰ বিষয়ে প্ৰতিবেদন দিছে আৰু ১৪ শতাংশ লোকে লগইন সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰতিবেদন দিছে।