মুখ্য-পৃষ্ঠা

আকাশলঙ্ঘী হৈছে সোণৰ মূল্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিদিনে বৃদ্ধি পাই আহিছে সোণৰ দাম। বুধবাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰি সোণৰ মূল্য হ'লগৈ প্ৰতি ১০ গ্ৰামত ৫৩,৮৬০ টকা। এদিন পূৰ্বে এই দাম আছিল ৫৩,৭৪২ টকা।

সুত্ৰত প্ৰকাশ পোৱা মতে বিশুদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হৈছে সোণৰ মূল্য। বুধবাৰে প্ৰকাশ হোৱা তথ্য অনুসৰি ৯৯.৯ শতাংশ বিশুদ্ধতা থকা সোণৰ প্ৰতি দহ গ্ৰামৰ মূল্য ৫৩,৭৪২ টকাৰ পৰা বৃদ্ধি হৈ ৫৩,৮৬০ হ'লগৈ।

আনহাতে ৰূপৰ মূল্য বৰ্তমান বজাৰত কিছু নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। দিল্লীত প্ৰতি কিঃগ্ৰাম ৰূপৰ মূল্য ৬৬,৪৮৪ পৰা হ্ৰাস হৈ ৬৪,১০০ টকা হৈছে।