মুখ্য-পৃষ্ঠা

দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। সমগ্ৰ বিশ্বত এই মহামাৰী ভাইৰাছ বিধত আক্ৰান্ত হৈছে ৬৪ হাজাৰো অধিক লোক। বিশ্বত এনে পৰিস্থিতিৰ মাজতে চীন ভ্ৰমণ কৰা ভাৰতীয় লোকসকলক ৰখা এটা কেম্পত কেইগৰাকীমান যুৱতীয়ে আনন্দ-উল্লাহ কৰি নৃত্য কৰা এটা ভিডিঅ'ই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে।

দৰাচলতে এই যুৱতীগৰাকী কেইটামান মাহৰ পূৰ্বে ভ্ৰমণ কৰিছিল চীনৰ য়ুহান চহৰ। কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে এই যুৱতীকেইগৰাকীক মাতি অনা হৈছিল দিল্লীৰ এটা চিকিৎসা কেন্দ্ৰলৈ। সন্দেহ কৰা হৈছিল যে, যুৱতীগৰাকীৰ দেহত কোৰোনা ভাইৰাছে স্থিতি ল'ব পাৰে। কিন্তু পৰীক্ষাৰ অন্তত যুৱতীগৰাকীৰ দেহত কোনো ভাইৰাছৰ উপস্থিতি পোৱা নগ'ল। ইয়াৰ পাছতে চিকিৎসা কেন্দ্ৰটোতে মুত্যুদূত কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ আনন্দত গানৰ তালে তালে নৃত্য কৰিলে যুৱতী কেইগৰাকীয়ে।

ভিডিঅ চাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ'টোত অন্য লোকসকলে মুখত মাস্ক বান্ধি কেৰম আৰু টেবুল টেনিছ খেলি থকা দেখা গৈছে। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ পাছত চীনৰ পৰা প্ৰায় ৬০০ গৰাকী ভাৰতীয় লোকক দেশলৈ অনা হৈছে। ইয়াৰে ৪০৬ গৰাকী লোক দিল্লী আই টি বি টি সেনা চাউনীত আৰু বাকীসকলক মানচেৰ আৰ্মী কেন্দ্ৰত ৰখা হৈছে। মঙলবাৰৰ লৈকে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চীনত মৃত্যু হৈছে প্ৰায় ১৮৬৮ গৰাকী ৰোগী।