মুখ্য-পৃষ্ঠা

ঘূণাসুঁতিৰ চলিচুকত দেশে স্বাধীনতা লাভৰ ৭৩ বছৰ পিছতো নাই বিদ্যুতৰ সেৱা, ৰাইজ-সংগঠনৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ বিদ্যুৎ বিভাগৰ আজৱ কথা-কাণ্ডৰ বিষয়ে কিমান কম আৰু কৈ থাকিলেও শেষ নহয় বিদ্যুৎ বিভাগৰ বেমেজালিৰ কথা । এইবাৰ কবলৈ লৈছোঁ লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ চলিচুক গাঁৱৰ বিদ্যুত ব্যৱস্থাৰ কথা। গোগামুখ বিদ্যুৎ উপসংমণ্ডলৰ অধিনৰ এইখন গাঁৱৰ ৰাইজে এতিয়া গৰমত চটফটাই থাকিব লগা হৈছে। কাৰণ গাঁও খনৰ আধাতকৈ অধিক পৰিয়ালৰ গৃহত নাই বিদ্যুতৰ পোহৰ কিম্বা বিদ্যুৎ সংযোগী তাঁৰ।

দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ অতিক্ৰম কৰাৰ পিছতো কি কাৰণে এইখন গাঁৱৰ ৰাইজে বিদ্যুতৰ সেৱা পোৱা নাই বুলি ভোক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এইখন গাঁৱৰ বহুতো লোক দৰিদ্ৰ সীমা ৰেখা তলত বসবাস কৰে। সেয়েহে বিদ্যুত বিভাগে চলিচুক গাঁৱত কেইটামান মিটৰ বক্স দিয়ে দায়িত্ব সামৰিছে।

ইয়াৰ বিপৰীতে গৃহত বিদ্যুত সংযোগ কৰি লাইট, ফেনৰ সেৱা পোৱাৰ সু ব্যৱস্থা কৰি দিয়া নাই।যি সময়ত দেশৰ অন্যান্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণে বিদ্যুতৰ সেৱা পায় আহিছে যদিও কিন্তু এইখন গাঁৱৰ ৰাইজ বঞ্চিত হোৱাৰ কাৰণে ঘূণাসুঁতি ৰিক্কং আঞ্চলিক টি এম পি কে আৰু এম এম কে সংগঠনৰ লগতে ভোক্তভোগী ৰাইজে বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ৰাইজে-"বিদ্যুৎ বিভাগ হায় হায়, শক্তি মন্ত্ৰী মুন্দাবাদ, বিদ্যুৎ বিভাগ লেই লেই , চেই চেই, আমাক পোহৰ লাগিবই, গোগামুখ বিদ্যুৎ উপ-সংমণ্ডল গ' বেক, অসম চৰকাৰ হায় হায়"..আদি বিভিন্ন ধৰণৰ শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে অনতিপলমে গাওঁখনত বিদ্যুতৰ সেৱা সুচল কৰি নিদিলে ইয়াতকৈ তীব্ৰ আন্দোলনৰ সন্মুখীন হব লাগিব বুলি সকিয়াই দিয়ে টি,এম,পি,কে আৰু এম,এম,কেই।