মুখ্য-পৃষ্ঠা

ঘিলামৰাত কঢ়া নদীৰ বুকুত ২কিশোৰ সন্ধানহীন…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: লকডাউন কেন্দ্ৰিক জটিল পৰিস্থিতিৰ মাজতে ঢকুৱাখনা মহকুমাৰ দুটি কিশোৰ বৃহস্পতি বাৰৰ পৰা সন্ধানহীন হৈ থকাৰ বাতৰিয়ে গভীৰ উৎকণ্ঠাই মহকুমাবাসীক চানি ধৰিছে। ঘটনাৰ বিবৰণি অনুসৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জালভাৰী গাঁওৰ দুই কিশোৰ যুৱক দুলাল গগৈ(১৫) আৰু বিক্ৰম গগৈ(১৯)য়ে বৃহস্পতি বাৰে পুৱা বেলা প্ৰায় ১০-৩০ বজাত সমীপৰ পুঠীখাটিৰ কঢ়া নদীৰ পাৰত আহাৰ খাই গা ধুবলৈ বুলি নদীত নামিছিল। সাঁতোৰ বিদ্যাত অভ্যস্ত নোহোৱাকৈ ভৰুণ নদীত গা ধুবলৈ নমা দুই বন্ধুক আচম্বিতে নদীৰ সোঁতে উটুৱাই লৈ যায়।

লগত থকা অন্য এজন বন্ধুৱে দুপৰীয়া পৰ্যন্ত কোনো সন্ধান নাপাই দুই কিশোৰৰ ঘৰত অৱগত কৰাত অভিভাৱকে নিজস্ব ভাবে বিচাৰ চলাই বিমুখ হৈ কালি সন্ধিয়া ঘিলামৰা থানাত গোচৰ তৰে। ঘিলামৰা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঢকুৱাখনা এছ ডি আৰ এফ বাহিনীৰ সতে যোগাযোগ কৰি শুক্ৰবাৰে পুৱাৰ পৰা সমগ্ৰ কঢ়া নদীৰ সন্দেহযুক্ত স্থানত "দীপ চুইমাৰ"ৰ জৰিয়তে নিৰ্বিচাৰ সন্ধান চলাই। কিন্তু এই পৰ্যন্ত কোনোজনৰে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই এছ ডি আৰ এফ বাহিনী।

কঢ়া নদীৰ সোঁত আৰু বৰ্দ্ধিত পানীৰ বাবে অশেষ চেষ্টা কৰিও ব্যৰ্থ হৈছে কিশোৰদ্বয়ৰ সন্ধান উলিওৱাত। ঘিলামৰা আৰক্ষী , ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতাত এছ ডি আৰ এফ বাহিনীৰ দুটা দকে অব্যাহত ৰাখিছে সন্ধান অভিযান। জালভাৰী অঞ্চলৰ দুগৰাকী উদীয়মান কিশোৰৰ আকস্মিক ভাবে নদীৰ বুকুত নিখোজ হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা বোৱাইছে