মুখ্য-পৃষ্ঠা

ঘিলামৰাৰ কঢ়া নদীৰ বুকুত সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জালভাৰী গাঁওৰ দুই সন্ধানহীন কিশোৰৰ এজন জ্যোতিষ কুমাৰ গগৈৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এছ ডি আৰ এফ বাহিনী। বৃহস্পতি বাৰে পুৱা প্ৰায় ১০-৩০ বজাত জালভাৰী গাঁওৰ সমীপৰ পুঠীখাটিৰ কঢ়া নদীৰ পাৰত আহাৰ খাই গা ধুবলৈ বুলি নদীত নামি দুটা দিনে সন্ধানহীন হৈ থকা দুই কিশোৰৰ ভিতৰত জ্যোতিষ কুমাৰ গগৈ(১৯)ৰ মৃতদেহ কঢ়া নদীৰ ঢাপলিয়াল গাঁওৰ ওচৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঘিলামৰা থানাৰ আৰক্ষী জানমণি দাস (ইউ বি চি)আৰু আৰক্ষী বাহিনী, ঢকুৱাখনা আৰু লখিমপুৰ সদৰৰ এছ ডি আৰ এফ বাহিনীৰ 'দীপ চুইমাৰ'ৰ নিৰন্তৰ সন্ধানৰ অন্তত শুক্ৰবাৰে বিয়লি প্ৰায় ৪-৩৩ বজাত কঢ়া নদীৰ বুকুৰ পৰা অনুসন্ধানকাৰী দলে কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি সুদীৰ্ঘ সময় জোৰা অভিযানৰ আংশিক সামৰণি মাৰে।

অন্যহাতে অন্যগৰাকী কিশোৰ বিক্ৰম গগৈ অদ্যপি সন্ধানহীন অবস্থাত আছে। ইপিনে জ্যোতিষৰ নিথৰ দেহ উদ্ধাৰ হোৱা নদীৰ পাৰত কান্দোনৰ ৰোল উঠে আত্মীয় স্বজনৰ ।ঘিলামৰা আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশ চিন্মই গগৈৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে। এছ ডি আৰ এফ বাহিনীয়ে অন্যগৰাকী নিখুঁজ কিশোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।