BOKO
BOKO 
মুখ্য-পৃষ্ঠা

খণ্ড উন্নয়ন বিষয়াৰ মহানুভৱতাই দৃষ্টি আকৰ্ষণ কৰিছে বকোৰ ৰাইজৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত ৰুক্মিণী ৰাভা নামৰ স্বামীহীন মহিলা এগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস লাভ কৰাত ৰাইজে আনন্দ প্ৰকাশ কৰিছে। ৪৮নং বকো বিধানসভা সমষ্টি আৰু বকো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টুৰুকপাৰা গাঁৱৰ ৰুক্মিণী ৰাভা নামৰ বিধৱা মহিলাগৰাকীয়ে দুগৰাকী কন্যাৰ সৈতে মাটি আৰু বাঁহৰে সজা জৰাজীৰ্ণ পঁজাঘৰত বাস কৰি আহিছে ।

মহিলাগৰাকীৰ পঁজাঘৰটো যিকোনো মুহূৰ্তত ভাঙি পৰাৰ আশংকা আছে । ৰুক্মিণী ৰাভাৰ স্বামী গণেশ ৰাভাৰ আজিৰ পৰা প্ৰায় ৬ বছৰ আগতে অকাল বিয়োগ হৈছিল। অৰ্থনৈতিক ভাৱে দুৰ্বল ৰুক্মিণী ৰাভাই তেতিয়াৰ পৰা আনৰ ঘৰত কাম-বন কৰি ভাত মোকোলাৱাৰ লগতে কমবয়সীয়া কন্যা সন্তান দুগৰাকীক পোহ-পাল দি আহিছে ।

বিশেষকৈ মহিলাগৰাকীয়ে বকোৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান দীক্ষিতা চুইটছ এণ্ড বেকাৰীত দিন হাজিৰাত কাম কৰি আহিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে শনিবাৰে মহিলাগৰাকীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাসৰ আধাৰশিলা স্থাপন কৰে বকোৰ বিধায়িকা নন্দিতা দাসে ।

আধাৰশিলা স্থাপন কৰিবলৈ যোৱা বিধায়িকা নন্দিতা দাস আৰু খণ্ড উন্নয়ন বিষয়া অৰ্ণৱ বৰুৱাক মহিলাগৰাকীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিল । কিন্ত মহিলাগৰাকীৰ অৰ্থিক দীনতা দেখি বকো খণ্ড উন্নয়ন বিষয়া অৰ্ণৱ বৰুৱাই ফুলাম গামোচাখন ঘূৰাই দিয়ে ।

উন্নয়ন বিষয়া গৰাকীৰ এনে মহানুভৱতাই আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

ৰুক্মিণী ৰাভাৰ সন্দৰ্ভত বকোৰ বিধায়িকা নন্দিতা দাসে জানিব বিচৰাত মহিলাগৰাকীয়ে কুঁৱাৰ পানী ব্যৱহাৰ কৰে বুলি জনায় । ঘৰত আনি থোৱা এটা দমকল আছে যদিও দমকলটো টকা-পইচাৰ অভাৱত এতিয়ালৈকে ব্যৱহাৰৰ উপযোগী কৰি ল'ব পৰা নাই।

অন্যহাতে মহিলাগৰাকীয়ে ইমান আওহতীয়া ঠাইত বসবাস কৰে যে প্ৰধানমন্ত্ৰী আৱাসটো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে সুচল পথ এটাও নাই ।