মুখ্য-পৃষ্ঠা

ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। বুন্দি জিলাত বিবাহযাত্ৰীৰ বাছ নদীত বাগৰি প্ৰাণ গ'ল অতি কমেও ১৮ জন লোকৰ। বাছখনত প্ৰায় ২৮ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ক'টাৰ পৰা সাৱাইমাধপুৰলৈ গৈ আছিল বাছখন। সেই সময়তে এই ঘটনা সংঘটিত হয়। মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।

দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা এজন লোকে বাছখন তীব্ৰগতিত আহি থকা জানিবলৈ দিয়ে। তেওঁ কয়, বাছখন তীব্ৰগতিত আহি আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই মেজ নদীত বাগৰি পৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দি নিজে উদ্ধাৰ অভিযানত লাগে। বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান।

ঘটনাত আহতসকলক ভৰ্তি কৰা হৈছে স্থানীয় হাস্পতালত। এটা ওখ পুল পাৰ হওঁতেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। নদীখনত পানীৰ পৰিমাণ বেছি হোৱাৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল।