মুখ্য-পৃষ্ঠা

দ্বিতীয়বাৰৰ বাবে সাংসদ হোৱাৰ পিছত সৰুপথাৰত গৌৰৱ গগৈঃ এন আৰ চি-সীমান্তত নিয়োজিত চিআৰ পিএফক লৈ উদ্বেগ প্ৰকাশ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ ৰূপে দ্বিতীয়বাৰৰ বাবে জয়ী হৈ অহা গৌৰৱ গগৈ বুধবাৰে সৰুপথাৰ ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছত দলীয় সমৰ্থকে অভিনন্দন জ্ঞাপন কৰে। সৰুপথাৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সাংসদ গৌৰৱ গগৈয়ে। যোৱা পাঁচ বছৰত যিখিনি কাম কৰা হ'ল বা সংসদৰ মজিয়াত উত্থাপন কৰিলো এই বাৰ তাতকৈ বেছি কাম কৰি দেখুওৱাম বুলি কলে সাংসদ গৌৰৱ গগৈয়ে।

নিৰ্বাচন শেষ হ'ল যদিও ৰাইজৰ সমস্যাৰ অন্ত পৰা নাই। সৰুপথাৰৰ বাট পথ, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ। অসম-নগালেণ্ড সীমান্তৰ বাট পথো জৰাজীৰ্ণ। পুৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অনুমোদিত সৈনিক স্কুলৰ প্ৰতি সহাৰি জনোৱা নাই ৰাজ্য চৰকাৰে। এনেদৰে বুধবাৰে মন্তব্য প্ৰকাশ কৰি বিজেপিক সমালোচনা কৰে কংগ্ৰেছ সাংসদজনে।

ইফালে লগতে তেখেতে কয় যে, অসম-নগালেণ্ড সীমান্তত নিৰপেক্ষ বাহিনী আৰু অসম আৰক্ষী থকাৰ পিছতো নগা দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই অসমৰ ব্যৱসায়ীক ধন দাবী কৰি ভাবুকি দিয়া কাৰ্য দুৰ্ভাগ্যজনক। আৰু শীঘ্ৰে দুস্কৃতিকাৰিক কৰায়ত্ত কৰাৰো দাবী তোলে গৌৰৱ গগৈয়ে।

এন আৰ চি ক্ষেত্ৰত বহু মানুহৰ নাম সোমোৱা নাই। প্ৰকৃত ভাৰতীয় জনসাধাৰণক বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে হাৰাশাস্তি কৰা বুলিও অভিযোগ আনে গৌৰৱ গগৈয়ে।

উল্লেখ্য যে, গোলাঘাট সমষ্টিৰ ডলা ৰয় নামৰ এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰীৰ হেমাহিৰ বাবে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে বিপদত পৰিছে।