garden city
garden city  
মুখ্য-পৃষ্ঠা

'গাৰ্ডেন চিটি'ত অবৈধ নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় ! ভৱিষ্যত ধ্বংস হৈছে বহু শিক্ষাৰ্থীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বিলাসীপাৰাঃ বিলাসীপাৰা চহৰত যোৱা কেইমাহমান ধৰি ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মাছপাৰাৰ 'গাৰ্ডেন চিটি' নামৰ ধাবাখনত নাৰীদেহৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। ধাবাখনৰ ভিতৰত দিনে-নিশাই নাৰীদেহৰ ব্যৱসায় চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে গৰীয়া- মৰিয়া দেশী জাতীয় পৰিষদে উত্থাপন কৰিছে।

ধাবাখনৰ স্বাত্বাধিকাৰীয়ে একাংশ যুৱক-যুৱতীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লৈ অনৈতিক তথা আপত্তিজনক কাৰ্যৰ বাবে কেবিনসমূহ ভাড়ালৈ দিয়ে। ধাবাখনত তেনে আপত্তিজনক কাৰ্যত লিপ্ত থকা ছাত্ৰ-ছাত্ৰীক সময়ে সময়ে বিলাসীপাৰা আৰক্ষী থানাৰ নগৰ উপ-পৰিদৰ্শকজনে আটক কৰি থানালৈ নিয়ে যদিও পুনৰ এৰি দিয়াৰো অভিযোগ উত্থাপন কৰে গৰীয়া- মৰিয়া দেশী জাতীয় পৰিষদে।

সেয়ে অনৈতিক তথা আপত্তিজনক কাৰ্যত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰি ধাবাখনক স্থায়ীভাবে বন্ধ কৰি দিবলৈ জিলা আৰু মহকুমা প্ৰশাসনক দাবী জনাইছে মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে স্থানীয় লোকে।