মুখ্য-পৃষ্ঠা

মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ ২০ কেজি গাঞ্জা, আটক দুজন…

asomiyapratidin

ডিজিটেল সংবাদ,মৰিগাওঁঃ মৰিগাঁও আৰক্ষীৰ DSB বিভাগৰ অভিযান,জব্দ বস্তাত ভৰাই থোৱা ২০ কেজি গাঞ্জা আৰু আটক দুজন ৷ ২০ কেজি গাঞ্জা আৰু আটক কৰা ব্যক্তি দুজন হ'ল চন্দন দাস আৰু মাকনি দাস ৷ মৰিগাঁও জাগীৰোড থানাৰ এলেকাধীন আমকটাত IBI হিৰণ্য পাটৰৰ নেতৃত্বত চলা অভিযানত দীৰ্ঘদিনৰ পৰা গাঞ্জা ব্যৱসায় কৰি থকাৰ ৰাজহুৱা অভিযোগৰ ভিত্তিত হাতেলোটে ধৰিবলৈ সক্ষম হয় ধৃত পুৰুষ মহিলা দুজনক ৷

আমকটা এলেকাত বিভিন্ন দোকানত ভাঙৰ ব্যৱসায় চলাই আহিছিল একেখন ঘৰৰ এই ধৃত চন্দন আৰু মাকনি দাসে ৷ DSB বিভাগে আৰক্ষী সহায়ত চলোৱা এই অভিযানৰ অন্তত জব্দকৃত গাঞ্জা আৰু দুই ব্যৱসায়ীক জাগীৰোড আৰক্ষীক চমজাই দিয়ে ৷