মুখ্য-পৃষ্ঠা

ৰাস্তা বেয়া হ’লে ঠিকাদাৰৰ গাৰ ওপৰেৰে চলাম বুলডজাৰঃ গাডকাৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শুকুৰবাৰে এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গাডকাৰীয়ে কয়- 'যদি ৰাস্তা-ঘাট বেয়া হয়, তেন্তে সেয়া নিৰ্মাণ কৰা ঠিকাদাৰৰ গাৰ ওপৰেৰে মই বুলডজাৰ চলাম৷' তেওঁ পুনৰ কয়, 'বাট-পথ দেশৰ সম্পত্তি৷ ইয়াৰ নিৰ্মাণ বেয়া হ'লে কোনো ঠিকাদাৰকে ৰক্ষা দিয়া নহ'ব৷'

অনুষ্ঠানত গাডকাৰীয়ে কয়, 'আমি দেশত ১০ লাখ কোটি টকাৰ বাট-পথ নিৰ্মাণৰ নিৰ্দেশ দিছো৷ বাট-ঘাট নিৰ্মাণত যাতে কোনো ধৰণৰ গাফিলতি নহয় নহয়, তাৰ বাবেও ঠিকাদাৰসকলক সতৰ্ক কৰি দিয়া হৈছে৷ ইয়াৰ পিছতো যদি কোনো ঠিকাদাৰে পথ নিৰ্মাণ ঠিক ধৰণেৰে নকৰে, তেন্তে তেওঁৰ গাৰ ওপৰেৰে বুলডজাৰ চলোৱাটোৱেই সঠিক হ'ব৷'

ইফালে গাডকাৰীৰ এই মন্তব্যৰ পিছতে বিভিন্নজনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷