মুখ্য-পৃষ্ঠা

কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ একমাত্ৰ উপায় হৈছে লকডাউন : ৰাহুল গান্ধী

asomiyapratidin

ডিজিটেল ডেস্ক : দেশত কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে । যোৱা ১৩ দিন ধৰি একেৰাহে তিনি লাখৰো অধিক কোভিডত আক্ৰান্ত হৈছে। কোভিড নিয়ন্ত্ৰণৰ বাবে কেইবাখনো ৰাজ্যই কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা স্বত্বেও, পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ কৰা হোৱা নাই। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশত লকডাউনৰ দাবী জনাইছে। ৰাহুল গান্ধীয়ে কৈছিল যে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে লকডাউন।

ৰাহুল গান্ধীয়ে মঙলবাৰে টুইট যোগে কয় যে – "চৰকাৰে বুজি পোৱা নাই। কেৰোনাৰ সংক্ৰমন প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হৈছে এতিয়া সম্পূৰ্ণ লকডাউন। ইয়াৰ মাজতে, সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে ন্যায় (এন.ৱাই.এ.ৱাই.) সুৰক্ষিত কৰিব লাগে। ভাৰত চৰকাৰৰ নিষ্ক্ৰিয়তাৰ ফলত বহুতো নিৰীহ লোকৰ মৃত্যু হৈছে ।"