মুখ্য-পৃষ্ঠা

FULL EPISODE- জীৱন্তে মানুহ পোৰাৰ গোন্ধঃ গুলী-বাৰুদ, কলম, জীৱনৰ সৈতে খেলা বৰপেটাৰ সৰু লৰাটো…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিগন্ত দাস। দুই দশকৰ পূৰ্বে বৰপেটাৰ পৰা কম বয়সীয়া লৰাজন জীৱিকাৰ সন্ধানত উপস্থিত হৈছিলগৈ তেতিয়াৰ উত্তৰ কাছাৰ জিলাৰ সদৰ হাফলঙত। পাহাৰীয়া জিলাখন অসমৰেই তিনিচুকীয়া বা ধেমাজিতকৈ গুৱাহাটীৰ ওচৰত হলেও দুৰ্গম বাট-পথৰ বাবে উত্তৰ পূৰ্বৰ সবাতোকৈ মনোৰম এই জিলা আছিল অসমৰ মূলসুতিঁৰ পৰা প্ৰায় বিচ্চিন্ন।

জিলাখনৰ মাজেৰে বদৰপুৰ হৈ আগৰতলালৈ নিৰ্মাণ কৰিছিল ৰেল'পথ। স্বাধীনতাৰ পিছত বিচ্ছিন্ন অঞ্চলটোৰ উন্নয়নৰ বাবেই দেশৰ প্ৰথমখন স্বায়ত্ত শাসিত জিলাৰূপে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ নেতৃত্বত পোনপতীয়া কেন্দ্ৰীয় পুজিঁৰে এক প্ৰশাসনীয় পৰিকাঠামো নিৰ্মাণ কৰিছিল যদিও জিলাখনৰ উন্নয়ন আজিও নহ'ল।

হাফলং চহৰৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্য, সূৰ্যোদয়ৰ মনোৰম দৃশ্য, বিট্ৰিছ চাহাবক কাটি সম্বোধন ফংলুৰ দুৰ্গ মাইবাং, বৰাইল পৰ্বত মালাৰ পাদদেশৰ এই চহকী অঞ্চলটোৰ আচঁল ইতিহাস আজিও বহুতৰ বাবে অজ্ঞাত। বহুতে কেৱল জানে, ডিফুৰ কাষতে থকা হাফলং চহৰ আৰু জাতিংগাৰ কথা- য'ত পক্ষীকুল বোলে আত্মহত্যা কৰাৰ বাবে আহে।

আড্ডাৰ সম্পূৰ্ণ খণ্ডটি চাবলৈ আমাৰ ফেচবুক লিংক

https://fb.watch/302EpYatjk/

প্ৰায় ১৯টা জনগোষ্ঠীৰ বসতিস্থল আৰু অসমৰ সবাতোকৈ কম লোকবসতি অথচ দ্বিতীয় বৃহত জিলাখনৰ ইতিহাস যিদৰে বহুতে নাজানে, সেইদৰে বৰপেটাৰ পৰা হাফলঙলৈ যোৱা দিগন্ত দাসৰ বিচিত্ৰ জীৱন পৰিক্ৰমা সন্দৰ্ভতো বহু কথাই আজিও নজনাকৈ থাকি গৈছে। কিদৰে তেওঁ এক ভয়ংকৰ দুৰ্ঘটনাৰ বাবে যোৱা এক দশক পংগুত্বক সাৱটিও নিৰন্তৰ সক্ৰিয় জীৱন পাৰ কৰিছে সেই কথাখিনিহে আজি বহুতে জানে। কিন্তু নাজানে এসময়ত হাফলঙৰ কাৰ্যালয়ত সৰু-বৰ সা-সামগ্ৰী গুৱাহাটীৰ পৰা কিনি নি যোগান ধৰাৰ পৰৱৰ্তীসময়ত সাংবাদিকতা আৰু সমাজ-সাহিত্য সংগঠনকৰূপে সক্ৰিয় হৈ পৰা দিগন্ত দাসে কিদৰে জুই-বাৰুদ, গুলী আৰু কলম চলোৱাৰ মাজেৰেই কেনে আত্মপ্ৰত্যয় আৰু কাৰ সাহসত পাৰ্বত্য ভূমি ৰক্তাক্ত কৰি ৰখা DHD(J)ক অস্ত্ৰ সম্বৰণ কৰাবলৈ সমৰ্থ হৈছিল তাৰ আঁৰৰ কাহিনী। সেয়া অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ আড্ডাত দিগন্ত দাসে নিজেই কৈ গল পৰ্দাৰ আঁৰৰ সেই শিহৰণকাৰী কাহিনীবোৰৰ কথা। তেওঁৰ মুখেৰেই শুনক আৰু জানক, সেইবোৰ….

ইউটিউব লিংক