মুখ্য-পৃষ্ঠা

শুকুৰবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ বন্দনাই চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উত্‍কৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ উদ্দেশ্যৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট অৰ্পণ কৰা হ'ব যুৱতীগৰাকীৰ হাতত।

উল্লেখ্য যে, বন্দনা ওৰাঙৰ ঘৰ ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাত। যুৱতীগৰাকীয়ে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ চলাব। লগতে #Reimagining Education in Assamত কোৰোণা মহামাৰীৰ পিছৰ অভিজ্ঞাতৰ সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।