মুখ্য-পৃষ্ঠা

দেশত প্রথম পৰ্যায়ত ৩ কোটি লোকক বিনামূলীয়াকৈ দিয়া হ’ব কোভিড ভেকচিন…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভেকচিনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কয় যে, প্ৰথম পৰ্যায়ত ৩ কোটি লোকক বিনামূলীয়াকৈ ভেকচিন দিয়া হ'ব। আৰু এই ৩ কোটিত অন্তৰ্ভুক্ত থাকিব কোৰোনা সংক্ৰমণৰ বিৰুদ্ধে আগৰ শাৰীত থিয় হৈ যুঁজ দিয়া সকল।

টুইটাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লিখিছে- 'কোভিড ভেকচিনেশ্যনৰ প্ৰথম পৰ্যায়ত দেশজুৰি ৩ কোটি লোকক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰা হ'ব। সেই সকলৰ ভিতৰত আছে ১ কোটি স্বাস্থ্যকৰ্মী আৰু ২ কোটি ফ্ৰন্টলাইন ৱ'ৰ্কাৰ্ছ…।'