মুখ্য-পৃষ্ঠা

দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প’ৰেটৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ প্ৰাক্তন কৰ্প'ৰেটৰ ইছৰত জাহাক। শনিবাৰে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় কংগ্ৰেছৰ প্ৰাক্তন মহিলা কৰ্প'ৰেটৰ গৰাকীক। উল্লেখ্য যে, ইছৰত জাহাই বিগত প্ৰায় ৫০ দিন ধৰি দিল্লীৰ খুৰেজীত 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। আনহাতে যোৱা দেওবাৰে খুৰেজীত পথ অৱৰোধৰ সময়তো পোহৰলৈ আহিছিল ইছৰত জাহাৰ নাম।

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত শনিবাৰে অধিকাংশ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক হোৱা পৰিলক্ষিত হৈছে। হিংসাজৰ্জৰ অঞ্চলসমূহত দুই এখনকৈ দোকান পোহাৰ খোলাৰ লগতে ৰাজপথত যান বাহনৰ চলাচলো আৰম্ভ হৈছে। অৱশ্যে সেই অঞ্চলসমূহত অধিক লোকে জুম বন্ধা আৰু ডাঙৰ সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।