ফুটবল প্ৰতিযোগিতা
ফুটবল প্ৰতিযোগিতা 
মুখ্য-পৃষ্ঠা

ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১০ নৱেম্বৰৰ পৰা তৃতীয় বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত গুৱাহাটী, কামৰূপ, গোৱালপাৰা, বঙাইগাঁও, গোসাইগাঁও, বিজনী, মুকালমুৱা, থবলপাৰা, নংচটেইন আদি ঠাইৰ মুঠ ১৬ টা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

১৬ টা আগশাৰীৰ ফুটবল দলৰ অংশগ্ৰহণ

উদ্যোগক্তা সমিতিয়ে জনোৱা অনুসৰি, প্ৰতিযোগিতাৰ চেম্পিয়ন দলটোৱে স্বৰ্গীয় দিক বালা ৰাভাৰ সোঁৱৰণত প্ৰদান কৰা ট্ৰফীসহ নগদ ২৫ হেজাৰ টকা লাভ কৰিব ৷ আনহাতে ৰানাৰ্ছ-আপ দলটোৱে প্ৰয়াত ভক্তি মেধিৰ সোঁৱৰণত আগবঢ়োৱা ট্ৰফীসহ নগদ ১৫ হেজাৰ টকা লাভ কৰিব ৷

উল্লেখযোগ্য যে, ধূপধৰা ৰাজহুৱা খেলপথাৰত ১০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত গুৱাহাটীৰ উদয়ন এফ চি দলে দক্ষিণ কামৰূপৰ শাখাতি এফ চি ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷