শিল্পী পেঞ্চনৰ পৰা বঞ্চিত লোক শিল্পী বাবুল বৰা...
শিল্পী পেঞ্চনৰ পৰা বঞ্চিত লোক শিল্পী বাবুল বৰা...  
মুখ্য-পৃষ্ঠা

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত লোক শিল্পী বাবুল বৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ ৰাজ্য চৰকাৰে আৰ্থিক দীনতাত ভোগা শিল্পীসকলৰ আৰ্থিক উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও বহু শিল্পী এনে আঁচনিৰ পৰা উপকৃত হোৱাৰ পৰা বঞ্চিত হৈ আছে।নগাঁও জিলাৰ হাতীচোং মৌজাৰ কুজীডাঁহ বেজৰচুক নিবাসী বাবুল বৰা নামৰ এজন শিল্পী চৰকাৰী এনে আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিতহৈ আছে।

১৯৮৩ চনতে প্ৰয়াত লোকনাথ বৰা আৰু প্ৰয়াত অতুল বৰাৰ ওচৰত খোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বাবুল বৰাই পৰৱৰ্তী সময়ত অঞ্চলৰ বিভিন্ন স্থানত খোল বাদন কৰি আহিছে। ১৯৮৫ চনত তেওঁ হাতীচোং তিলক ডেকা স্মৃতি বিদ্যাপীঠ প্ৰাংগণত অনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাত কেইবাজনো বায়নৰ উপস্থিতিত বিশিষ্ট বায়ন প্ৰয়াত অতুল বৰাই তেওঁক বৰ বায়নৰ মালা অৰ্পন কৰে।

১৯৯০ চনত বাবুল বৰাই গুৱাহাটী আকাশবানী কেন্দ্ৰত শিল্পীৰ বৰগীত পৰিবেশনৰ সময়ত খোল সংগত কৰিছিল। এগৰাকী ফুটবল খেলুৱৈ হিচাপেও খ্যাতি লাভ কৰা বাবুল বৰাই ১৯৭২ চনতে ফুটবলৰ প্ৰশিক্ষণ লৈছিল।

তেওঁ পিচত কুঁজীডাহৰ গল্ডেন ফুটবল দলত যোগদান কৰিছিল। তেওঁ সেই দলৰ অধিনায়কৰো দায়িত্বত আছিল। তেওঁ নগাঁও মহাবিদ্যালয়ৰ হৰেশ্বৰ বৰুৱাৰ নেতৃত্বত গঠন হোৱা ফুটবল দলত যোগদান কৰি কলিকতাতো ফুটবল খেলিছিল।

কুঁৱাপাৰ ৰাসোৎসৱ সোণালী জয়ন্তী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা সম্বৰ্ধিত এইগৰাকী লোকশিল্পী শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে। শিল্পী গৰাকীক পেঞ্চন প্ৰদানৰে আৰ্থিক সকাহ দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।