মুখ্য-পৃষ্ঠা

গুজৰাটত বানঃ এনডিআৰএফে চলাইছে উদ্ধাৰ অভিযান… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ গুজৰাটৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হৈছে বানৰ। বহু ঠাইৰ বাট-পথ এই কৃত্ৰিম বানত ডুব গৈছে। ৰাজ্যখনৰ জামনগৰ আৰু ৰাজকোটৰ পৰিস্থিতি অধিক বেয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে এই বানৰ বহু ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅবোৰত দেখা গৈছে যে, পানীত বহু লোক আৱদ্ধ হৈ পৰিছে আৰু এনডিআৰএফ বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান।

তদুপৰি, উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ পৰ্যন্ত ব্যৱহাৰ কৰিবলগীয়া হৈছে। কেৱল বাট-পথেই নহয়, ঘৰ-দুৱাৰ সকলোতে সোমাইছে বানৰ পানী। আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতিৰ।