মুখ্য-পৃষ্ঠা

বানত ডুবা কোচি বিমান বন্দৰৰ পৰা পুনৰ বিমান চলাচল আৰম্ভ

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে। ঠায়ে ঠায়ে পানী শুকাইছে যদিও, বতৰ এতিয়াও ডাৱৰীয়া হৈয়ে আছে। ইফালে কৰ্ণাটক আৰু উত্তৰাখণ্ডত বান আৰু গৰাখহনীয়া লাহে লাহে জটিলৰ ফালে ঢাল খাইছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা ৫দিনত কেৰালাত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজ্যখনত বানৰ বাবে জাৰি কৰা ৰেড এলাৰ্ট আতৰুৱা হৈছে যদিও এতিয়াও সতৰ্ক দৃষ্টি ৰাখিছে প্ৰশাসনে।

বানত ডুব যোৱা কোচি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আজিৰ পৰা যাত্ৰীবাহী বিমান চলাচল প্ৰক্ৰিয়া আৰম্ভ হৈছে। যাত্ৰীসকলৰ সুবিধাৰ্থে লক্ষ্য ৰাখি টিমান্দমৰ পৰা কলকাতালৈ দুখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে।

বানৰ পাছত এতিয়া ৰাজ্যখনৰ বাবে আন এক সমস্যা হৈ পৰিছে বানাক্ৰান্তসকলৰ স্বাস্থ্য। ইতিমধ্যে বানাক্ৰান্ত সকলক আশ্ৰয় দিয়া স্থানত বৃহৎ চিকিৎসকলৰ দল নিয়োগ কৰিছে কেৰালা চৰকাৰে।