মুখ্য-পৃষ্ঠা

ফিট ইণ্ডিয়াৰ এবছৰ উপলক্ষে ফিটনেছ বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব মোডীয়ে…

asomiyapratidin

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা ফিট ইণ্ডিয়া মুভমেণ্টৰ এবছৰ উপলক্ষে বৃহস্পতি বাৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে দেশৰ ফিটনেছ বিশেষজ্ঞৰ লগত আলোচনাত মিলিত হব ।মঙলবাৰে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য আৰু জীৱন শৈলী সম্পৰ্কে আলোচনা কৰাৰ লগতে স্বাস্থ্যৰ বাবে এক সময়সূচীৰ প্ৰয়োজন সম্পৰ্কে আলোচনা কৰিব ।

ভিডিঅ' কনফাৰেণ্সৰ জৰিয়তে এই আলোচনা কৰিব প্ৰধান মন্ত্ৰী গৰাকীয়ে । ক্ৰিকেটাৰ বিৰাট কোহলী, মডেল তথা অভিনেতা মিলিন্দ সোমন,পুষ্টি বিশেষজ্ঞ ৰুজুতা দিভেকাৰ এই অনুষ্ঠানত অংশ ল'ব ।প্ৰধানমন্ত্ৰী উদ্যোগত আৰম্ভ হোৱা ফিট ইণ্ডিয়া অনুষ্ঠানে ফিট ৰাষ্ট্ৰ ৰূপে গঢ়ি তোলাৰ বাবে দেশৰ জনসাধাৰণক যুক্ত কৰাত সহায় হ'ব ।