মুখ্য-পৃষ্ঠা

বিক্ৰীৰ বাবে নহয়! ক’ত মৃত ৰৌ-ভকুৱা মাছেৰে ভৰি পৰিল এইদৰে পুখুৰীৰ পাৰ?

asomiyapratidin

ডিজিটেল ডেস্কঃ চৌদিশে কেৱল মাছ। সৰু-ডাঙৰ মাছেৰে ভৰি পৰিছে পুখুৰীৰ পাৰ। সোমবাৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰত থকা সূৰ্যকুণ্ড ধামত এইদৰে মাছ উভৈনদী হৈ পৰিল। সেই ধামত থকা এটা পুখুৰীত ৰহস্যজনকভাৱে মৃত্যু হয় মাছবোৰৰ।

পুখুৰীটোত থকা প্ৰায় সংখ্যক মাছেই কি কাৰণত মৃত্যু হয় সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। ইমান মাছ পুখুৰীটোত মৰিল যে, সেই মাছবোৰ পাৰলৈ উঠাই পুতিবলৈ নিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰিব লগা হ'ল ধামৰ কৰ্তৃপক্ষই। কেবা কুইণ্টল মাছ এনেদৰে হঠাৎ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ পাছত মাছ চাবলৈ ভিৰ লাগিল মানুহৰ।

পুখুৰীটোৰ পানী আৰু মৃত মাছৰ নমুনা সংগ্ৰহ কৰিছে গৌৰখপুৰৰ প্রশাসনে। মীন বিভাগৰ সূত্ৰ অনুসৰি এই পানীত বিষাক্ত সামগ্ৰীৰ উপস্থিতি নুই কৰিব নোৱাৰি। সন্দেহ কৰা হৈছে সূৰ্যকুণ্ড ধামত থকা এই পুখুৰীত কোনো দুৰ্বৃত্তই বিহ জাতীয় সামগ্ৰী দলিয়াই দিয়াৰ ফলত পানী বিষাক্ত হৈ এই ঘটনা সংঘটিত হয়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে ধামৰ কৰ্তৃপক্ষই।