মুখ্য-পৃষ্ঠা

২১ কোটি টকাত বিক্ৰী এটা মাছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মাজৰ বজাৰলৈ গৈ সাধাৰণতে মাছৰ দাম সুধিয়ে কিছু লোক ঘৰলৈ উভতে। কিয়নো আজিৰ দিনত এটা ভাল মাছ হাজাৰ টকা নহ'লে কিনিব নোৱাৰি। কিন্তু আপুনি ভাৱিব পাৰেনে যে এটা মাছ ২১ কোটি টকা দি কোনোবাই ক্ৰয় কৰিব। কিন্তু এনে এক ঘটনাই ঘটিল জাপানত।

জাপানৰ এটা দুষ্প্ৰাপ্ৰ্য মাছ শেহতীয়াকৈ বিক্ৰী হ'ল ৩১ লাখ ডলাৰত অৰ্থাৎ প্ৰায় ২১ কোটি ৫৫ লাখ ২৭ হাজাৰ পাঁচশ টকা। এই মাছটোৰ নাম জাইট টুনা। জাপানৰ এটা প্ৰতিষ্ঠিত খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান চুখী টাইকুনে ক্ৰয় কৰিছে এই দুষ্প্ৰাপ্ৰ্য মাছটো।

এই খাদ্য প্ৰতিষ্ঠানটোৰ সমগ্ৰ বিশ্বজুৰি আছে খাদ্য এখন বৃহৎ বজাৰ। ইয়াৰ পূৰ্বতেও এই প্ৰতিষ্ঠানটোৱে বিভিন্ন সাগৰীয় মাছ বহু টকাৰ বিনিময়ত ক্ৰয় কৰাৰ অভিলেখ আছে।