মুখ্য-পৃষ্ঠা

PM কেয়াৰ ফাণ্ডৰ ওপৰত প্ৰশ্ন কৰি বিপদত পৰিব নেকি ছোনিয়া গান্ধী!

asomiyapratidin

ডিজিটেল ডেস্কঃ PM কেয়াৰ ফাণ্ডৰ অপপ্ৰয়োগৰ অভিযোগ তোলা কংগ্ৰেছ অধ্যাক্ষা ছোনিয়া গান্ধীৰ ওপৰত দেশৰ ভিন্ন প্ৰান্তত বিজেপি নেতা-সদস্যই তৰিছে গোচৰ। প্ৰথমে কৰ্ণাটক তাৰ পিছত উত্তৰ প্ৰদেশৰ পাছতে শেহতীয়াকৈ বিহাৰতো কংগ্ৰছ নেত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হল এজাহাৰ।

পাটনাৰ ককড়বাগ থানাত বিজেপি নেতা পংকজ সিঙে ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগ, পি এম কেয়াৰ ফাণ্ডৰ ওপৰত প্ৰশ্ন কৰি গান্ধীয়ে লোকসকলক উচতনি দিয়াৰ চেষ্টা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, আই পি চি ৫০৪,৫০৫(১) আৰু ৫০৫(২) ৰ অধীনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।