মুখ্য-পৃষ্ঠা

ফ্ৰাণ্সৰ পৰা ভাৰত পালেহি ৰাফেল বিমানৰ পঞ্চমটো দল…

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাফেল বিমানৰ পঞ্চমটো দল ফ্ৰাণ্সৰ পৰা আহি বুধবাৰে ভাৰতত উপস্থিত হয় ।বুধবাৰে এই কথা প্ৰকাশ কৰে ভাৰতীয় বায়ু সেনাই । বায়ু সেনাই ভাৰতত উপস্থিত হোৱা বিমানৰ সংখ্যা প্ৰকাশ কৰা নাই । বায়ু সেনাই লগতে কয় যে ফ্ৰান্স আৰু ইউএইৰ বায়ু সেনাই ভ্ৰমণকালত বিমান সমূহক ইন্ধনৰ যোগান ধৰিছে৷

বায়ু সেনাই টুইট যোগে কয় যে – " ফ্ৰান্সৰ মেৰিনাক বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ উৰা মাৰি ২১ এপ্ৰিলত ৰাফেল বিমানৰ পঞ্চম দলটো ভাৰতত উপস্থিত হৈছে। যুঁজাৰু বিমানসমূহে প্ৰায় ৮,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, যাৰ ফলত ফ্ৰান্স আৰু ইউএই বায়ু সেনাই ভ্ৰমণৰ সময়ত বিমানখনত ইন্ধন যোগায়। দুয়োখন দেশৰ বায়ু সেনাক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ।"