মুখ্য-পৃষ্ঠা

কৃষক বিক্ষোভঃ আন্দোলনত অংশ ল’বলৈ আহি জুইত পুৰি মৃত্যু ৫৫ বছৰীয়া আন্দোলনকাৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰোধত আন্দোলনৰ বাবে দিল্লীলৈ অহা ৫৫ বছৰীয়া এজন বয়স্ক কৃষকৰ মৃত্যু হয়। শনিবাৰে ৰাতি তেওঁ গাড়ীত শুই আছিল আৰু সেই সময়তে গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কৃষকজনৰ মৃত্যু হয়।

উল্লেখ্য যে,এই ঘটনা বহাদূৰগড়ৰ কাষত সংঘটিত হয়। টেক্টৰ মেৰামতিৰ কাম কৰা লোকজন পঞ্জাৱৰ কৃষকৰ লগত সহযোগ কৰিবলৈ দিল্লীলৈ আহিছিল। আকালি দলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

খবৰ অনুসৰি তেওঁ নিজৰ কাম শেষ কৰি এখন কাৰত শুবলৈ গৈছিল। আৰু কাৰত জুই লাগি তেওঁৰ মৃত্যু হয়। ৫৫ বছৰীয়া এই লোকজন বৰনালা জিলাৰ ধনেলুৱা গাঁৱৰ বাসিন্দা আছিল। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।