মুখ্য-পৃষ্ঠা

অ’ট’ৰিক্সা চলাওঁ মই টলত জাহান, চি এম ছাৰ হয় মোৰ পেছেঞ্জাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোনো বৃত্তিয়ে সৰু বা ডাঙৰ নহয়। এই কথাষাৰে যেন সঁচা প্ৰতিপন্ন কৰিলে এগৰাকী মহিলা অ'ট' ৰিক্সাচালকে। ভুপালৰ এইগৰাকী মহিলা অ'ট' ৰিক্সা চালকৰ নাম টলত জাহান।

টলতে কয় যে- 'মোৰ অ'ট' ৰিক্সা চলোৱা প্ৰায় দুমাহ হ'ল। মই ২০১৬চনতেই অ'ট' ৰিক্সা চলোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো। মোৰ হাতত উপাৰ্জনৰ আন কোনো বেলেগ বিকল্প নোহোৱা বাবে অ'ট' ৰিক্সা নচলাও। মই আচলতে অ'ট'ৰিস্কা চলাই ভাল পোৱা বাবেহে এই বৃত্তি গ্ৰহণ কৰিছো।' লগতে তেওঁ জনায় যে, তেওঁৰ অ'ট' ৰিক্সাখনৰ প্ৰথমগৰাকী যাত্ৰী আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং।