মুখ্য-পৃষ্ঠা

ফটাশিল আমবাৰীৰ পথৰ দূৰাৱস্থাৰ বাবে জ্বলাকলা খাইছে ৰাইজে

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংক্ৰিটৰ মহানগৰীৰ ৰাজপথৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। মহানগৰীৰ ফটাশিল আমবাৰী ৰাজপথটো এতিয়া গাতঁসদৃশ। গোৱেঙ্কা নাৰ্চিংহোমৰ পৰা জি এছ কলনীৰ সমগ্ৰ পথত অসংখ্য পানীৰ গাতঁ সৃষ্টি হৈছে।

পথৰ দুয়োকাষে সৃষ্টি হোৱা এই গাতঁত পৰি পথচাৰী আৰু বাইক দূৰ্ঘটনা সময়ে সময়ে সংঘটিত হৈ অহা বুলি স্থানীয়লোক ৰত্নেশ্বৰ দাসে জানিবলৈ দিয়ে। বিশেষকৈ নিশা হলেই পথৰ এই শোচনীয় অৱস্থাত ভীষণ অসুবিধাৰ সৃষ্টি কৰে। কিন্তু এই সকলোবোৰ দেখিও নেদেখে এতিয়া জনপ্ৰতিনিধিয়ে।

এই সমস্যাৰ সন্মুখীন হৈ বিধায়কক আবেদন নিবেদন কৰে যদিও সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। সেয়েহে এই সমস্যাৰ সমাধান অতিশীঘ্ৰে নকৰিলে সমষ্টিবাসী ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।