মুখ্য-পৃষ্ঠা

মোডী চৰকাৰত বিশ্বাস নাই, কৃষি আইন বাতিল নকৰালৈ অব্যাহত থাকিব প্ৰতিবাদঃ আন্দোলনকাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰ কাৰ্যকৰী কৰা তিনিখন কৃষি আইনক লৈ দেশৰ কৃষকে আন্দোলন অব্যাহত ৰাখিছে। নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি দিল্লীৰ ৰাজপথত নামি পৰিছিল কৃষক। এই বিষয়ে কৃষকে কয় যে, যেতিয়ালৈকে এই আইন কেন্দ্ৰীয় চৰকাৰে উঠাই নলয় তেতিয়ালৈকে আন্দোলন স্তিমিত নকৰে কৃষকে।

মঙলবাৰে এই কৃষক বিক্ষোভে ৬ দিন ভৰি দিলে।দিল্লীস্থিত বুৰাড়ীৰ নিৰংকাৰী মৈদান এতিয়া এই কৃষক আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সতে হোৱা কথা বতৰাত কৃষক সকলে মন্তব্য কৰিছে যে চৰকাৰৰ সতে অনুষ্ঠিত হ'ব লগা বৈঠকক লৈ তেওঁলোকৰ বিশেষ আকাংক্ষা নাই।

কৃষকে অভিযোগ কৰে যে, তেওঁলোকে চৰকাৰৰ চৰিত্ৰক লৈ সন্দিহান। তেওঁলোকে লগতে কয় যে, মোডী চৰকাৰে এনে এখন কৃষি বিলৰ সপক্ষে মন্তব্য কৰি আছে যি খন আইন কোনো কৃষকৰ বাবে নহয়, সেই আইন কেৱল পুঁজিপতিৰ বাবেহে। তেওঁলোকে কয় যে যি বোৰ দলে এই আইনৰ সপক্ষত মন্তব্য কৰি আছে তেওঁলোকৰ পৰা কি আশা কৰিব পাৰি।