মুখ্য-পৃষ্ঠা

কৃষক আন্দোলনক লৈ কংগনাই কৰা টুইটে মাতিছে বিপদ…

asomiyapratidin

ডিজিটল ডেস্কঃ কৃষক আন্দোলক লৈ টুইটাৰত বিৰ্তকিত পোষ্ট কৰি আইনী মেৰপেছত সোমাইছে অভিনেত্ৰী কংগনা ৰাণাৱট। কৃষক আন্দোলনক ভাগ লোৱা এগৰাকী বয়োজ্যেষ্ঠ মহিলাক শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ সৈতে তুলনা কৰি এইদৰে বিপদত পৰিছে অভিনেত্ৰীগৰাকী।

দৰাচলতে কংগনাই টুইটাৰত এই পোষ্টটো কৰাৰ পাছত পঞ্জাৱৰ এগৰাকী অধিবক্তাৰ এখন আবেদন ভিত্তিত তেওঁলৈ প্ৰেৰণ কৰা হৈছে আইনী জাননী। বিৰ্তকিত এই পোষ্টতো দিয়াৰ বাবে ক্ষমা খোজাৰ লগতে ডিলিট কৰাৰো দাবী কৰিছে অধিবক্তাগৰাকীয়ে। অধিবক্তাগৰাকীৰ অভিযোগ- কংগনাই এই আন্দোলনটোক বিকৃত কৰাৰ চেষ্টা কৰিছে।