মুখ্য-পৃষ্ঠা

কৃষক বিক্ষোভঃ বিয়লি ৪ বজাত পুৱাৰ বৈঠক সন্দৰ্ভত ৩২ৰো অধিক কৃষক সংগঠনৰ প্ৰেছমিট…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ লাখৰো অধিক কৃষকে ভাগ লোৱা কৃষক আন্দোলনে বুধবাৰে ৭ দিনত ভৰি দিলে। দিল্লীৰ সীমাঞ্চলত তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন ক্ৰমাৎ বৃদ্ধি পাইছে। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ আৰু বহু কেইজন মন্ত্ৰীৰ লগতে কিছুসংখ্যক কৃষক নেতাৰ এক আলোচনা অনুষ্ঠিত হয় যদিও চৰকাৰৰ প্ৰস্তাৱ সমুহত সমৰ্থন জনোৱা নাই কৃষকে।

বুধবাৰে পুণৰ সিন্ধু সীমাত কৃষক সকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কমপক্ষেও ৩২ টা কৃষক সংগঠনে অংশগ্ৰহণ কৰে। কৃষক সকলে সন্ধিয়া এখন প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰিছে য'ত এই বৈঠকৰ সবিশেষ জনোৱা হ'ব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জানিবলৈ দিছে।