মুখ্য-পৃষ্ঠা

কৃষকৰ আন্দোলনক গুৰুত্ব নিদি হাইদৰাবাদৰ পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত অমিত শ্বাহ, কটাক্ষ সঞ্জয় সিঙৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ বিশিষ্ট নেতা সঞ্জয় সিঙে দেওবাৰে কৃষকৰ আন্দোলন সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক কটাক্ষ কৰে।তেওঁ কয় যে কৃষকে য'তেই আন্দোলন কৰিব বিচাৰে তাতেই তেওঁলোকক ঠাই দিয়া উচিত। তেওঁ কোৰোনাক অজুহাত কৰিবলৈ মানা কৰি কয় যে, কেৱল দিল্লীতহে কোৰোনা আছে নেকি বুলিও প্ৰশ্ন কৰি হাইদৰাবাদত তেওঁলোকৰ ৰাজনৈতিক সভাৰ ভাগ ল'বলৈ যোৱাৰ কথা সোঁৱৰাই দিয়ে।

তেওঁ পুনৰ উল্লেখ কৰে যে, যি সময়ত কৃষক সকলে দিল্লীত আন্দোলন কৰি আছে সেইসময়ত তেওঁ কিদৰে হাইদৰাবাদৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব পাৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে দেওবাৰে এজন কৃষকৰ মৃত্যু প্ৰসংগ উল্লেখ কৰি এইদৰে কৃষকৰ সমস্যাৰ প্ৰতি অসংবেদনশীল অমিত শ্বাহ প্ৰথম জন গৃহমন্ত্ৰী বুলিও কটাক্ষ কৰে।

সঞ্জয় সিঙে প্ৰেছ কনফাৰেন্সখনত কয় যে, দেশত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৃষকে দিল্লীৰ আন্দোলনৰ জৰিয়তে এয়া আশা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সমস্যা বুজিব আৰু ইয়াৰ সমাধানৰ পথ দিব। তেওঁ উল্লেখ কৰে যে কৃষকৰ দোষ এয়াই যে তেওঁলোকে শস্যৰ ডেৰগুণ দাম বিচাৰিছে আৰু স্বামীনাথন কমিটিৰ সিদ্ধান্ত মতে কাম কৰিব বিচাৰিছিল। কিন্তু কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ লগত সন্ত্ৰাসবাদীৰ লগত কৰাৰ দৰে ব্যৱহাৰ কৰিছে বুলি তেওঁ আক্ষেপ কৰে। সঞ্জয় সিঙে লগতে কয় যে কৃষক সকলক সন্ত্ৰাসবাদী বুলি কোৱা হৈছে আৰু সীমাত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁলোকৰ সন্তানৰ মৃত্যু হৈছে।