মুখ্য-পৃষ্ঠা

কোনো চৰ্ত মানি লোৱা নহ’বঃ গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে কৃষকে…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতা কৰা কৃষক সকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰস্তাৱক অগ্ৰাহ্য কৰিছে। কৃষকে মন্তব্য কৰিছে যে, শ্বাহে আলোচনাৰ সতে যি কিছু চৰ্ত ৰাখিছে সেয়া তেওঁলোকে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ভিডিঅ'ৰ জৰিয়তে আন্দোলন কাৰী কৃষক সকলক ৩ ডিচেম্বৰত আলোচনাৰ কৰাৰ বাবে আহ্বান জনাইছিল। শ্বাহে লগতে কৈছিল যে, ইয়াৰ পূৰ্বে যদি কৃষকে তেওঁৰ সতে কথা পাতিব বিচাৰে তেতিয়া তেওঁলোকে দিল্লী-হাৰিয়ানাৰ সীমাৰ এৰি বুৰাড়ীৰ নিৰংকাৰী মৈদানলৈ যাব লাগিব।

এই কথাই ক্ষুব্ধ কৰিছে আন্দোলন কাৰী কৃষক সকলক। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিংহ টোমৰেও কৃষকৰ সতে আলোচনাৰ বাবে আহ্বান জনাইছিল।