বিদায় সম্ভাষণ সভা
বিদায় সম্ভাষণ সভা 
মুখ্য-পৃষ্ঠা

নগাঁৱ উপায়ুক্ত কাৰ্যালয়ৰ ১১জন কৰ্মচাৰীক বিদায় সম্ভাষণ...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ ১১ জনকৈ কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ ৷ নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত সদ্য অৱসৰপ্ৰাপ্ত ১১ জন বিষয়া-কৰ্মচাৰীক বিদায় সম্ভাষণ জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল হৈছে কৃষ্ণা দেৱ (ৰাজহ চিৰস্তাদাৰ ) , নিয়তী ভট্টাচাৰ্য (পৰ্যবেক্ষক সহায়ক), প্লাৱন ভূঞা (কনিষ্ঠ সহায়ক ) , মনি বৰা ( মণ্ডল ) , বিপুল বৰা ( মণ্ডল ) , ৰেণু শইকীয়া ( নকল নবিশ ), প্ৰভাত চন্দ্ৰ বৰা ( জাৰিকাৰক ) , শ্নাইচুৰ ৰহমান ( পিয়ন ), আবু হিছা ( জাৰিকাৰক ), হাজেৰা বেগম (পিয়ন ), ৰাজেন্দ্ৰ বাচফৰ ( চাফাই কৰ্মচাৰী ) উক্ত সভাত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।