মুখ্য-পৃষ্ঠা

মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বিপিএফৰ সলনি ইউপিপিএলক ভোট প্ৰদানৰ আহ্বান কিয় কৰিলে!…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ফেচবুকত ভুৱা একাউণ্ট খুলি বিপিএফৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নামত ভূৱা অপপ্ৰচাৰ কৰা কাৰ্যক লৈ গৰজি উঠিছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । দেওবাৰে কোকৰাঝাৰত নিশা আয়োজিত হোৱা এক সংবাদমেলত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে বড়ো ভাষাত সালায় বিজৌনি বাথ্ৰা (জিভাৰ আগকথা) নামৰ ভূৱা ফেচবুক ইউজাৰে নিজৰ পেজত তেওঁৰ নামত এক ভুৱা বাতৰি প্ৰচাৰ কৰিছে ।

দেওবাৰে বিয়লি ২:৫০ বজাত উক্ত ফেচবুক একাউণ্টটো যোগে প্ৰমিলাৰাণী ব্ৰহ্মই আহ্বান জনোৱা বুলি বড়ো ভাষাত "নমস্কাৰ , ৰাইজলৈ মোৰ এটা অনুৰোধ , বড়োসকল এক হব লাগিব সেইবাবেই বিটিআৰ চৰকাৰত বিপিএফ দল জয়ী হলেও চৰকাৰ গঠন কৰিব নোৱাৰিব , কিয়নো ইউপিপিএলক ভাৰত চৰকাৰে সমৰ্থন দিয়া আছে , সেয়েহে এইবাৰৰ বাবে ইউপিপিএল দলক ট্ৰেক্টৰ ছবিত ভোট দি জয়যুক্ত কৰাওক বুলি আপলোড কৰিছিল ।

উক্ত ফেচবুক পোষ্টটো আপলোড হোৱাৰ ক্ষন্তেক পিছতে বিপিএফ দলৰ একাংশ নেতা – সদস্য – অনুগামীৰ দৃষ্টিগোচৰ হয় আৰু বিষয়টো মন্ত্ৰীক অৱগত কৰে । উক্ত ফেচবুক পোষ্টৰ বিৰোধিতাৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদমেল অনুষ্ঠিত কৰে আৰু সমগ্ৰ ঘটনাৰ আঁৰত ইউপিপিএল দলৰ সদস্য জড়িত থাকিব পাৰে বুলি সন্দেহ ব্যাক্ত কৰিছে ।

বিপিএফ দল আৰু তেওঁৰ ভাৱমুৰ্তি বিনষ্ট কৰাৰ বাবে এয়া এক অপপ্ৰচাৰ বুলি মন্তব্যৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সঁকিয়নি প্ৰদান কৰিছে । তদুপৰি মন্ত্ৰী ব্ৰহ্মই ৰাইজে এনে অপপ্ৰচাৰত ভোল নাযায় আৰু পুণৰাই বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।

ইতিমধ্যে মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মৰ বিৰুদ্ধে ভূৱা ফেচবুক একাউন্টযোগে অপপ্ৰচাৰ চলোৱা অসাধু চক্ৰৰ বিৰুদ্ধে বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী আৰু সম্পাদক ক্ৰমে জয়মতী বসুমতাৰী আৰু ৰমা দেৱী ছেত্ৰীয়ে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৬৬/৬৭ আই টি এক্ট ২০০০ মৰ্মে ৫০০/৫০১ ধাৰাত এজাহাৰ দাখিল কৰিছে ৷

ইপিনে সংবাদমেলত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বৰ্তমানলৈকে বহি:ৰাজ্যৰ পৰা শ্ৰীৰামপুৰ গেটেৰে ৩০ হাজাৰ ব্যাক্তি অসমত প্ৰৱেশ কৰিছে বুলি মন্তব্য কৰি অত্যাধিক ভিৰৰ বাবে প্ৰথম পৰ্যায়ত অলপ খেলিমেলি হৈছিল যদিও এতিয়া নিয়াৰিকৈ কামবোৰ সম্পাদন হৈছে ।