karbi angong
karbi angong  
মুখ্য-পৃষ্ঠা

ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ ৫ দিনলৈ বন্ধ ঘোষণা সকলোধৰণৰ শিক্ষানুষ্ঠান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডেংগুৰ বাবে বন্ধ কৰা হৈছে শিক্ষানুষ্ঠান। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে দেওবাৰে এক জাননীৰ জৰিয়তে স্বায়ত্তশাসিত অঞ্চলটোৰ এলেকাৰ ডিফুৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা প্ৰকাশ কৰিছে।

ডিফুত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জাননীখনত উল্লেখ থকা অনুসৰি মুঠ ৫ দিনৰ বাবে বন্ধ কৰিবলৈ কোৱা হৈছে ডিফুৰ শিক্ষানুষ্ঠান।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জাৰি কৰা জাননীখনত কোৱা হৈছে যে, ডিফু চহৰৰ অঞ্চলৰ এলেকাৰ ভিতৰৰ সকলোধৰণৰ চৰকাৰী, বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান ৭নৱেম্বৰৰ পৰা ১২ নৱেম্বৰ পৰ্যন্ত বন্ধ থাকিব।

বৰ্ধিত ডেংগুৰ আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকল যাতে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰে তাৰ বাবেই সুৰক্ষামূলক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।