মুখ্য-পৃষ্ঠা

বেংকৰ পৰা কোটি টকাৰ হৰলুকিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ ভতিজাক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ চেন্টেল বেংক অৱ ইণ্ডিয়াক ৩৫৪ কোটি টকাৰ হৰলুকিৰ অভিযোগত দেশৰ উদ্যেগপতি ৰতুল পুৰীক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৭ আগষ্টতে চি বি আই য়ে পুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওৰ বাসগৃহত তালাচী চলাইছিল বুলিও খবৰ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১৯ আগষ্টত ই ডিয়ে পি এম এল এৰ অধীনত এটা গোচৰ ৰুজু কৰি উদ্যেগপতি জনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, ৰতুল পুৰী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ ভতিজাক।