সংবাদমেল
সংবাদমেল 
মুখ্য-পৃষ্ঠা

পুনৰ ইংলিছ চেনেল সাঁতুৰিব এলভিছ আলী হাজৰিকাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ প্ৰাক্তন সাতোঁৰবিদ তথা বৰ্তমানৰ চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাঁতুৰিববলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাঁতোৰবিদজনে ইংলিচ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দুৰত্বৰ বাবে ব্যৰ্থ হৈছিল।

তাৰপাছতো আশা এৰি দিয়া নাই এলভিছে। এলভিছে অহাবৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাঁতোৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত 'ৱান ৱে ছুইম' কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ 'টু ৱে ছুইম' কৰিব। অৰ্থাৎ ইংলেণ্ডৰ পৰা ফ্ৰান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাঁতোৰৰ মূঠ দুৰত্ব হ'ল ৭৮ কিলোমিটাৰ। এই ৰীলে সাঁতোৰত প্ৰতিগৰাকী সন্তৰণবিদক এটা নিদিষ্ট দুৰত্ব সাঁতোৰিবলৈ দিয়া হ'ব।

বুধবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি এলভিছে কয় যে, ইংলিছ চেনেল সাঁতোৰাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাই এলভিছ আলী হাজৰিকাই।

স্মৰ্তব্য, চলিত ছেপ্টেম্বৰত এলভিছে নৰ্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নৰ্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতুৰিবলৈ সক্ষম হৈছিল সাঁতোৰবিদজনে। আজিৰ সংবাদলমেলত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰণয় বৰদলৈ আৰু সুবোধ মল্ল বৰুৱা, কামৰূপ মহানগৰৰ ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি কলিতা তথা অসম অলিম্পিক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।