মুখ্য-পৃষ্ঠা

টিহুত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জয়ন্তী পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : ‘‘বিজ্ঞানৰ কল্পনাভিত্তিক বহু বিষয় ইতিমধ্যে বাস্তৱত পৰিণত হোৱালৈ চাই পৰৱৰ্তী ৩০ বছৰৰ ভিতৰত সমাজত অতি ক্ষিপ্ৰ পৰিৱৰ্তন দেখা যাব । ফলত ইয়াৰ প্ৰভাৱ মানসিক স্বাস্থ্যতো পৰিব । মানসিক উত্তৰণৰ বাবে পাঠ্যক্ৰমৰো পৰিৱৰ্তন কৰিবলগীয়া হৈছে ।’’ ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাৰ উদ্যোগত গুৱাহাটীৰ ‘মন নিৰাময়’ৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জয়ন্তী উপলক্ষে ৯ ডিচেম্বৰত নলবাৰী জিলাৰ টিহুস্থিত সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত আয়োজিত সজাগতামূলক বক্তৃতানুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ।

‘সমাজ জীৱনত মানসিক স্বাস্থ্যৰ ভূমিকা’ শীৰ্ষক বিষয়ত দিয়া ভাষণত বিশিষ্ট চিকিৎসকগৰাকীয়ে কয় যে সুস্বাস্থ্যৰ সংজ্ঞা হৈছে সম্পূৰ্ণ মন, সামাজিক আৰু শাৰীৰিক মংগলময়তা । খং, ৰাগ, অভিমান, আদি সুস্থ জীৱনৰ অংগ নহয় । জীৱন ধাৰণৰ মান যিমানে শৃংখলাবদ্ধ কৰিব পাৰি সিমানেই সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি । মানসিক ৰোগ মানে একাংশ লোকৰ মতে ভূত প্ৰেত, মতলবী, কোনোবাই খোৱা বস্তুত অখাদ্য মিহলি কৰা, যৌন ৰোগৰ উপৰুৱা কাৰক বুলি একাংশ লোকে প্ৰচাৰ কৰা কথা গোকাট মিছা । এই বিষয়ত এক বিশেষ ধৰণৰ তান্ত্ৰিক থাকে আৰু তেনে লোকে নিজৰ সুবিধা আদায়ৰ বাবে মহিলাসকলক লক্ষ্য কৰি লয় । সেয়ে মহিলাসকল মানসিক স্বাস্থ্যত বাধাগ্ৰস্ত হৈ এই ৰোগত মহিলাসকলেই বেছিকৈ আক্ৰান্ত হৈয়ো আহিছে । বিজ্ঞানৰ যিমান অগ্ৰগতি হৈছে সেই অনুপাতে অবৈজ্ঞানিক কাম কাজবোৰৰ অনুপাত কমা নাই ।

তেওঁ ২৮ বছৰ পূৰ্বে মানসিক ৰোগ চিকিৎসা আৰম্ভ কৰোঁতে যি পৰিৱেশ আছিল সেই পৰিৱেশ আজিও বিদ্যমান বুলিও দোহাৰে । বিশিষ্ট চিকিৎসকগৰাকীয়ে পুনৰ কয় যে শিশুসকসল মানসিকভাৱে আহত হ’লে মানসিক উত্তৰণ বা মানসিক আন্তঃগাঁথনিত ব্যাঘাত জন্মে । ৫০ শতাংশতকৈ অধিক লোকৰ মানসিক ৰোগ ১৫ বছৰ বয়সৰ পূৰ্বেই আৰম্ভ হয় । সেয়ে কম বয়সতে সেই দিশত গুৰুত্ব দিব লাগে । মানুহৰ জীৱনৰ মান উন্নত কৰিবলৈ, সমাজত শান্তি বিচাৰিলে, সমাজৰ প্ৰগতি, সমাজক শৃংখলাবদ্ধ কৰিবলৈ বিচাৰিলে সুমানসিক স্বাস্থ্য গঠনত গুৰুত্ব দিবই লাগিব । নহ’লে আমি মনে বিচৰা সমাজ এখন নাপাম । ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাৰ সভাপতি কুলেশ শৰ্মাৰ সঞ্চালনাত হোৱা এই বক্তৃতানুষ্ঠানত ‘সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰভাৱ’ শীৰ্ষক বিষয়ত জ্যেষ্ঠ চিকিৎসক ডাঃ উত্তম গোস্বামীয়েও প্ৰাসংগিক ভাষণ প্ৰদান কৰি উপস্থিত লোকসকলক বাৰুকৈয়ে উপকৃত কৰে ।

সহকাৰী সম্পাদক ধীৰাজ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানৰ বিষয়বস্তুৰ অৱতাৰণা কৰে সম্পাদক সঞ্জীৱ দাসে । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ডঃ সুৰজিৎ বৰ্মন, সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শংকৰ দাস, টিহু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মা , সমাজকৰ্মী লুটফুৰ ৰহমান, টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যুটীয়া সম্পাদক হৰেকৃষ্ণ মেধি আৰু লক্ষী শৰ্মা, জ্যেষ্ঠ অভিযন্তা ধৰণী ভূঞা, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষা প্ৰতিভা দেৱী, হোজাই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডঃ দিবাকৰ গোস্বামী, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰীয়া উপাধ্যক্ষ দশৰথ পাঠক, বালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় তালুকদাৰ, সাহিত্যানুৰাগী দীপাঞ্জলি পাঠক প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে ভাগ লোৱা অনুষ্ঠানটো ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় নেপথ্য সংগীতশিল্পী জিতেন শৰ্মাই গোৱা ‘‘সুখ নাই দুখ নাই একোযেন নাই ...’’ শীৰ্ষক গীতেৰে আৰম্ভ কৰা হয় ।

ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাৰ সহকাৰী সম্পাদক ধীৰাজ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানৰ বিষয়বস্তুৰ অৱতাৰণা কৰে শাখাটোৰ সম্পাদক সঞ্জীৱ দাসে । অৰৱিন্দ কলিতাই ‘‘সাগৰ সংগমত কতনা সাঁতুৰিলো ...’’ শীৰ্ষক গীত গাই অনুষ্ঠানটোৰ পৰিৱেশলৈ অনন্য মাত্ৰা প্ৰদান কৰে ।