- 'ইলেক্ট্ৰনিক ভোটিং মেছিন কেতিয়াও টেম্পাৰিং কৰিব নোৱাৰি।'
- বুধবাৰে ইভিএম সন্দৰ্ভত এই মন্তব্য কৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই।
- দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ইভিএম সন্দৰ্ভত এই মন্তব্য মুখ্য নিৰ্বাচনী আয়ুক্তৰ।
- 'ইভিএমত বিজুতি ঘটিব পাৰে, সেয়া সম্ভৱ।'
- 'কিন্তু টেম্পাৰিং কৰাটো অসম্ভৱ।'
- সংবাদ মেলত এনেদৰে মন্তব্য কৰে সুনীল আৰোৰাই।
- উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই নিৰ্বাচনত ইভিএম ব্যৱহাৰৰ বিৰোধিতা কৰি আহিছিল বিভিন্নজনে।
- লোকসভা নিৰ্বাচন, ২০১৯ত বিজেপিৰ অভূতপূৰ্ব জয়লাভৰ পিছত ইভিএমৰ টেম্পাৰিঙৰ বিষয় উত্থাপন কৰিছিল বিৰোধীয়ে।
- ইভিএমৰ টেম্পাৰিঙৰ জৰিয়তে বিজেপিয়ে সফলতা লাভ কৰাৰ অভিযোগ কৰিছিল বিৰোধীয়ে।
- অন্যহাতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পুনৰ উত্থাপন হৈছিল ইভিএমৰ টেম্পাৰিঙৰ বিষয়।
- মহাৰাষ্ট্ৰৰ কেইবাটাও ৰাজনৈতিক দলে বেলট পেপাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আবেদন জনায় নিৰ্বাচন আয়োগক।
- 'একাংশ ৰাজনৈতিক দলে নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰৰ বাবে আহ্বান জনাইছে।'
- 'কিন্তু সেয়া অসম্ভৱ, বেলট পেপাৰ এতিয়া ইতিহাস হে মাথো।'
- এইদৰে মন্তব্য কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই।
- ইভিএমক লৈ চলা এনে চৰ্চাৰ পিছতে ইভিএম টেম্পাৰিং সম্ভৱ নহয় বুলি সদৰী কৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।