মুখ্য-পৃষ্ঠা

দিল্লীৰ বিধানসভা নিৰ্বাচনত আপৰ বৃহৎ জয়, টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন প্রধানমন্ত্ৰী মোডীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনত পুনৰ জয়ী হ'ল আম আদমি পাৰ্টী। ৭০খন বিধানসভা সমষ্টিৰ ভিতৰত আম আদমি পাৰ্টীয়ে ৬২খন আসন দখল কৰাৰ বিপৰীতে বিজেপিয়ে ৮খন আসনত জয় সাব্যস্ত কৰে। অৱশ্যে এই নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল বিৰোধী দল কংগ্ৰেছ।

২০২০ৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ জয়ত টুইটাৰযোগে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- 'বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপ আৰু অৰবিন্দ কেজৰিৱালক শুভেচ্ছা জনালো। মই দিল্লীবাসীকো নিজৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰাৰ বাবেও শুভেচ্ছা জনাইছো।'