মুখ্য-পৃষ্ঠা

২০১৯ৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সৰ্বদলীয় বৈঠক

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে ২৭ আগষ্টত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা হ'ব এই বৈঠকত।

পেইড নিউজ, নিৰ্বাচনী আঁচনি উলংঘা, প্ৰৰোচনামূলক বক্তব্য আৰু ই ভি এমক লৈ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভত দলসমূহক অৱগত কৰাৰ লগতে দলসমূহৰ প্ৰতিনিধিত্ব কৰা আয়োগৰ মতামত  গ্ৰহণ কৰিব।

এই বৈঠকৰ বাবে দেশৰ ৭টা ৰাষ্ট্ৰীয় দল আৰু ৫১টা আঞ্চলিক দলক আয়োগে বৈঠকলৈ আমন্ত্ৰণ জনাইছে।